সুধাকণ্ঠৰ জন্মদিনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কপিকুলক খাদ্য সামগ্ৰী যোগান

আজি ৮ ছেপ্টেম্বৰ সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিন । সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চাৰিপুখুৰী নিৱাসী যুৱ শিক্ষক সান্তানু গৌতম, ৰঙাচকুৱাৰ যুৱ সাংবাদিক চন্দন শৰ্মাৰ লগতে জেষ্ঠ সদস্য নৰ বাহাদুৰ বনিয়া আৰু গোপাল ভট্টৰাইয়ে নামেৰী বনাঞ্চলৰ ভোকাতুৰ কপিকুলসকলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক সুন্দৰ মহানুভৱতাৰ পৰিচয় দিলে । অসম অৰুণাচল সীমান্তৰ নামেৰী বনাঞ্চল পাৰ হৈ ভালুকপোঙ বনভোজ স্থলীলৈ শ শ যাত্ৰীৰ আগমন ঘটে । তেওঁলোকৰ এটাই আহ্বান যে নামেৰী বনাঞ্চলখন যি সকলে পাৰ হৈ যায় এবাৰ হলেও সকলোৱে যেন ভোকাতুৰ কপিকুলসকলক কিছু কম পৰিমানে হলেও খাদ্য সামগ্ৰী যোগান ধৰে যেন । তেওঁলোকৰ এনে মহান পদক্ষেপ হাতত লোৱাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।

AssamDaily time axomInternationalNew Delhipolitics
Comments (0)
Add Comment