নিউজ ডেস্ক, ৯ চেপ্টেম্বৰঃ ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পিছতেই তেওঁৰ ৭৩ বছৰীয়া পুত্ৰ প্ৰিন্স চাৰ্লছ হ’ব ব্ৰিটেইনৰ নতুন ৰজা৷ ব্ৰিটিছ ৰাজতন্ত্ৰৰ আটাইতকৈ দীঘলীয়া সময় ৰাজত্ব কৰা ৰাণী দ্বিতীয় এলিজাবেথে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰয়াত ৰাণীৰ জ্যেষ্ঠ পুত্ৰ প্ৰিন্স চাৰ্লছে অতি সোনকালে তেওঁৰ ৭০ বছৰীয়া ৰাজত্বৰ সিংহাসনৰ উত্তৰাধিকাৰী হ’ব।
৭৩ বছৰীয়া ৰাজকুমাৰ চাৰ্লছ ব্ৰিটিছ সিংহাসনগ্ৰহণ কৰা জ্যেষ্ঠ ব্যক্তি হ’ব। ৰাণীৰ মৃত্যু সন্দৰ্ভত ৰজা চাৰ্লছেও মন্তব্য কৰি এই মুহূৰ্তটোক ‘আটাইতকৈ ডাঙৰ দুখ’ বুলি অভিহিত কৰিছে৷