Daily Time Axom

‘ভুল ৰিপ্ৰেজেণ্ট’ কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰক- ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া

18

নিউজ ডেস্ক, ১০ চেপ্তেম্বৰঃ শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাত এচাম অসাধু চক্ৰই ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ যুৱকজনে। ভিক্টৰ দাসে টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটাৰৰ জৰিয়তে এচাম অসাধু চক্ৰই ধনৰ বিনিময়ত চাকৰি দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল।

ইয়াৰপিছতেই ভিক্টৰ দাস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। ডিজিপিগৰাকীয়ে কয় যে, ‘‘সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে। সঠিক তথ্য দিব পৰা নাই ভিক্টৰে৷’’

ইফালে, এডিচিপি পল্লৱ তামুলীয়ে কয়, ‘‘সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে। কোনো তথ্যই দিব নোৱাৰিলে। সমাজখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল। সমাজত অস্থিৰতা অনাৰ চেষ্টা চলাইছিল। আমাৰ তদন্তত সহযোগ কৰা নাছিল।অম্লান বোলা ছাত্ৰজনেও কোনো তথ্য দিব পৰা নাই।’’

Comments are closed, but trackbacks and pingbacks are open.