নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ চাকৰিৰ দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান। দেওবাৰে নিশা চলিছিল আৰক্ষীৰ এই অভিযান। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা ৭ দালালক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰিছিল ৭ দালালে।
দেওবাৰে নিশা বৰবাৰীৰ জিডি ল’জত দিশপুৰ আৰক্ষীয়ে অভিযান কৰি গ্ৰেপ্তাৰ কৰিছে দালাল কেইটাক। ধৃত চাকৰিৰ দালাল কেইটাৰ পৰা এটা লেপটপৰ লগতে বিভিন্ন কাগজ-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। ধৃত দালালকেইটা ক্ৰমে নয়ন শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা, প্ৰাঞ্জল বৰ্মন আৰু জয়ন্ত দাস।