নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
বিধানসভাত মুখ্যমন্ত্রীয়ে কয় যে- ‘ঘৰুৱা সহায়কাৰিক লৈ চৰকাৰে আনিব নতুন আইন’। ‘আদিবাসী সম্প্রদায়ৰ ল’ৰা-ছোৱালীক বহুতে ঘৰৰ কাম কৰিবলৈ ৰাখিছে’। ‘এই কথা দৃষ্টিগোচৰ হৈছে চৰকাৰৰ’ বুলি তেওঁ মন্তব্য কৰে।
লগতে ‘কাম কৰা ল’ৰা-ছোৱালী আনিলে ওচৰৰ পুলিচ থানাত জনাব লাগিব’। ‘বনকৰা ল’ৰা-ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল’ব লাগিব মালিকে’। ‘মাক-দেউতাকৰ অনুমতিত আনিলেও পঢ়া-শুনাৰ দায়িত্ব ল’ব লাগিব’। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।