Daily Time Axom

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল

32

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ T20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে BCCIয়ে। আনহাতে উপ-অধিনায়কৰ দায়িত্বত থাকিব কে এল ৰাহুল। লগতে মিডল অৰ্ডাৰ চম্ভালিব বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ আৰু দীপক হুদাই। অলৰাউণ্ডাৰ হিচাপে দলত স্থান লাভ কৰে হাৰ্দিক পাণ্ডিয়াই। দললৈ উভতিল যশপ্ৰীত বুমৰাহ, হৰ্ষল পেটেল। দলত অন্তৰ্ভুক্ত হ’ল ভুৱনেশ্বৰ কুমাৰ আৰু অৰ্শদীপ সিঙ।

তিনিজনকৈ স্পীনাৰ নিৰ্বাচন BCCIৰ। দলত ৰবিচন্দ্ৰন অশ্বিন, য়ুজৱেন্দ্ৰ ছহল, অক্ষৰ পেটেল। আঘাতৰ বাবে দলৰ পৰা বাদ পৰিল ৰবীন্দ্ৰ জাদেজা। দলত স্থান লাভ দীনেশ কাৰ্তিক, ঋষভ পণ্টৰ। ৰিজাৰ্ভ খেলুৱৈ হিচাপে নিৰ্বাচিত মহম্মদ ছামী, শ্ৰেয়ছ আয়াৰ। ৰবি বিষ্ণই আৰু দীপক ছাহৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে নিৰ্বাচিত।

Comments are closed, but trackbacks and pingbacks are open.