Daily Time Axom

কে কে মৰা বেছি দিন হোৱাই নাই তাৰ গান পাহৰিলিয়েই, কাইলৈ মই মৰিলে মোৰ গানো পাহৰি যাবি- জুবিন গাৰ্গ

14

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰ নিবাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তী উপলক্ষে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান।

বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত জুবিনে নিজৰ লগতে কে কেক সুঁৱৰি জুবিনে গালে কে কেৰ ছুপাৰহিট গান।

এই অনুষ্ঠানত জুবিনে কয় যে- কে কে মৰা বেছি দিন হোৱাই নাই তাৰ গান পাহৰিলিয়েই, কাইলৈ মই মৰিলে মোৰ গানো পাহৰি যাবি। লগতে জুবিনে কয়, ‘মই ছেল্যুট কৰা গায়ক অকল কেকে আছিল। আন কাকো জীৱনত ছেল্যুট নকৰো।’ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰানিবাস পদ্মনাথ গোহাঁঞী বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত এই মন্তব্য কৰে জুবিন গাৰ্গে।

Comments are closed, but trackbacks and pingbacks are open.