Daily Time Axom

গুজৰাটত অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গ’ল কেজৰিৱাল

19

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ সমাগত গুজৰাট নিৰ্বাচনৰ মাজতে অটোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী চমক কেজৰিৱালৰ।

অটোত উঠি চালকজনৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক প্ৰথমে গুজৰাট আৰক্ষীয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি অটোত ভ্ৰমণত বাধা দিয়ে।

সন্ধিয়া প্ৰায় ৭.৩০ বজাত কেজৰিৱালে আহমেদাবাদস্থিত হোটেলৰ পৰা ওলাই যায়।কিন্তু আৰক্ষীয়ে কেজৰিৱালক আধা বাটতে বাধা দিয়ে। যাৰ ফলত আৰক্ষীৰ লগত কেজৰিৱাল তৰ্কত লিপ্ত হয়। অৱশ্যে পিছত তেওঁক অটো চালকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হয়। ইয়াৰ পিছতে এজন অটো-ৰিক্সা চালকে কেজৰিৱালক তেওঁৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ অনুৰোধ জনাই।অটো চালকজনৰ নিমন্ত্ৰণ পোৱাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ আমন্ত্ৰণ গ্ৰহণ কৰে আৰু একেলগে নৈশ আহাৰ গ্ৰহণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.