নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ মঙলবাৰে পুৱা নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নগাঁও চহৰৰ মাজ-মজিয়াত কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰে। স্থানীয় ৰাইজে ডকাইতৰ দলে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ।
নগাঁৱৰ গোটলাইপট্টিত সংঘটিত হৈছে এই ঘটনা। মৃত মহিলাগৰাকীৰ নাম আয়েছা ছিদ্দিকা বুলি জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত চুবুৰীয়াই গম পোৱাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে। হত্যাকাৰীয়ে নৃশংসতাৰে মহিলাগৰাকীৰ জিভা কাটি হত্যা কৰিছিল।
আৰক্ষীৰ মতে এইয়া ডকাইতিৰ ঘটনা নহয়। কাৰণ আৰক্ষীয়ে ঘৰটোৰ পৰা উদ্ধাৰ কৰিছে যৌন কাৰ্যত ব্যৱহৃত বহু পৰিমাণৰ সামগ্ৰী। এই সামগ্ৰীসমূহৰ প্ৰতি লক্ষ্য ৰাখি ঘৰটোত অসামাজিক কাৰ্যকলাপ চলোৱাৰ সন্দেহ আৰক্ষীৰ।
Comments are closed, but trackbacks and pingbacks are open.