নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ জন্মু-কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দ-খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ ৷ এই পথ দুৰ্ঘটনাত নিহত হয় ৯গৰাকী লোক আৰু আহত হয় ৮গৰাকী ৷ জন্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সংঘটিত হয় দুৰ্ঘটনাটো ৷
এই দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত ভাৰতীয় সেনা বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
৩৬ জনৰো অধিক যাত্ৰী কঢ়িওৱা মিনি বাছখনে গলি ময়দানৰ পৰা পুঞ্চ অভিমুখে গৈ থকা সময়তে ব্ৰাৰী নাল্লাহৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে।