মহানগৰীত পুনৰ চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পুনৰ গুৱাহাটী মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে। টিউচনলৈ নিয়াৰ পথত ১০ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি মুক্তিপণৰ বাবে পৰিয়ালক ৭ লাখ টকা দাবী ঘৰুৱা চালকৰ। অৱশ্যে আৰক্ষীৰ তৎপৰতাত যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ পৰা কিশোৰীগৰাকীক সুকলমে উদ্ধাৰ কৰাৰ লগতে আটক কৰে অপহৰণকাৰী চালক বৰপেটাৰ নৰ হৰি বৰ্মনক।

AssamDaily time axomGuwahatiIndiakidnap