Daily Time Axom

আজি দিনৰ ১১ বজাৰ পৰা অনলাইনযোগে মুকলি হৈছে ভাৰত- দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ টিকট বিক্ৰী

45

নিউজ ডেস্ক, ১৬ চেপ্নেম্বৰঃ ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ T20 মেচ ৷ আজি প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী। দিনৰ ১১ বজাত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ BookMyShowৰ পৰা ক্ৰয় কৰিব পাৰিব এই টিকট ৷ প্ৰথম পৰ্যায়ত ১৫,০০০ টিকট মুকলি কৰা হ’ব ৰাইজৰ বাবে ৷

উল্লেখযোগ্য যে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টী-২০ মেটছ খেলিব। প্ৰথমখন খেল থিৰুৱনন্তপুৰমত খেলিব, তাৰ পিছত গুৱাহাটী আৰু শেষৰখন ইণ্ডোৰত।

এইবাৰৰ খেলৰ সৰ্বনিম্ন টিকটৰ নিৰিখ হ’ল (ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত ) ৪৭৫ টকা। সাধাৰণ শ্ৰেণীত সৰ্বনিম্ন টিকটৰ মূল্য হ’ল ১৫০০ টকা। ইফালে ছাউথ ষ্টেণ্ডৰ প্ৰথম মহলাত সৰ্বাধিক ৬০০০ টকা ধাৰ্য কৰিছে অসম ক্ৰিকেট সন্থাই।

Comments are closed, but trackbacks and pingbacks are open.