নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি ঘোষণা কৰা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল । ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব পাৰিব।
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই পৰীক্ষাৰ মুঠ ৫২৬২ টা পোষ্টৰ বাবে মুঠ ৭,০৭,৩২৮ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু ইয়াৰ ভিতৰত ৫,২০০ জনে এই নিযুক্তি পৰীক্ষাত পাছ কৰে। ইয়াৰোপৰি তেওঁ জনায় যে, সংৰক্ষিত পোষ্টৰ ভিতৰত অসংৰক্ষিত ৪১ শতাংশ, অবিচি/এমঅবিচি ২৭ শতাংশ, এছ চি ৭ শতাংশ, এছ টি পি ১০ শতাংশ, এছ টি এইছ৫ শতাংশ আৰু ইডব্লিউএছ ১০ শতাংশ নিযুক্ত হৈছে।
অসম চৰকাৰে নতুনকৈ সৃষ্টি কৰা অসম কমাণ্ডো বেটেলিয়নৰ বাবে কনিষ্টবল এবি পোষ্টত ২৪৪২ জন নিযুক্ত হয়। মুঠ ২৪৫০টা পোষ্টত পুৰুষ আৰু ট্ৰান্সজেন্দাৰে (তৃতীয় লিংগ) ২২২০ টা, মহিলাই ১৮০ টা আৰু নাৰ্চিঙে ৫০ টা পদৰ বাবে নিযুক্তিৰ পৰীক্ষা হৈছিল।