Daily Time Axom

আজি ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত একেলগে উত্তীৰ্ণ হ’ল দুই ভাতৃ

62

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে দুই ভাতৃয়ে। শাৰীৰিক ভাবে সক্ষম পিতৃ মহিৰুদ্দিনৰ দুই পুত্ৰই লাভ কৰিলে আৰক্ষীৰ চাকৰি।
জুৰীয়াৰ মাহেৰীপাৰৰ মহিৰুদ্দিন আহম্মেদৰ দুই পুত্ৰ শিৰাজুল আলম আৰু শ্বাহিদুল আলমে আৰক্ষীৰ চাকৰি লাভ কৰি উৎফুল্লিত হৈ পৰে। শ্বাহিদুলে কমাণ্ডত আৰু শিৰাজুল ইউবিত নিযুক্তি পায়।

দৰিদ্ৰ পৰিয়ালৰ এই দুই সন্তানে নিজৰ সফলতাত অসম চৰকাৰ তথা আৰক্ষী বিভাগক স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । এটকাও নিদিয়াকৈ নিজৰ দক্ষতাৰ ভিত্তিত এই চৰকাৰখনে চাকৰিত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে শিৰাজুল আৰু শ্বহিদুলে।

Comments are closed, but trackbacks and pingbacks are open.