নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ জামুগুৰিহাটৰ ডিপলোঙা বন বিভাগৰ বৃহৎ সাফল্য । বন বিভাগৰ অভিযানত চোৰাং কাঠ, কাঠফলা মেচিনসহ এখন গাড়ী জব্দ।
জামুগুৰিহাটৰ ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে চোৰাং কাঠসহ এখন বলেৰ গাড়ী ।নিশা বনকৰ্মীৰ দলটোৱে জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জীয়া ভৰলী নদীৰ সমিপৰ অঞ্চলত জব্দ কৰে বলেৰ’ পিকআপ গাড়ীখন । চোৰাংকৈ কাঠ কাটি কাঠ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ডিপলোঙা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনকৰ্মীসকলে গোপন সূত্ৰৰ পম খেদি চোৰাংকৈ সৰবৰাহ কৰা গাড়ীখন জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে । ডিপলোঙা বনকৰ্মীসকলে এ- এছ- ১২- চি চি- ০৩৮৬ নম্বৰৰ নথি পত্ৰ বিহীন বলেৰ’ পিকআপখন জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল । পথতে গাড়ী থৈ পলাই যায় জব্দকৃত গাড়ীখনৰ চালকজন । তাৰপিছতে বৰদিকৰাই মিচিং গাঁৱত ডিপলোঙা বন বিভাগৰ দলটোৱে অভিযান চলোৱাত কাঠ মিলৰ লগতে কাঠ ফলা মেচিনসহ গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ।