নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঞ্জাৱ লোক কংগ্ৰেছ দলৰ সভাপতি অমৰিন্দৰ সিং।মন্ত্ৰী গৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত আজি নতুন দিল্লীত বিজেপিত যোগদান কৰিব। এই সিদ্ধান্ত ঘোষণা কৰে পাঞ্জাৱ লোক কংগ্ৰেছৰ মুখপাত্ৰ প্ৰিতপাল সিং বালিৱালাই।
ইতিমধ্যেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে।