নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ বকোৰ ৰাজাপাৰাত সংঘটিত হৈছে ভয়ংকৰ বাছ দূৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত প্ৰায় ১৭ গৰাকী যাত্ৰী। স্থানীয় লোকৰ তৎপৰতাত আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চালকসহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪ জনক GMCHলৈ প্ৰেৰণ কৰা হয়।
নৰুল হক, মেহমুদ আলম হক, আমিৰুদ্দিন নামৰ লোককেইজনক GMCHলৈ প্ৰেৰণ কৰা হয়। আঘাতপ্ৰাপ্ত কেইজনৰ ঘৰ ফকিৰগঞ্জত বুলি জানিব পৰা গৈছে।প্ৰথমে বাইক আৰোহীক খুন্দা মাৰে যাত্ৰীবাহী আলট্ৰা বাছখনে।
ইয়াৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত তীব্ৰবেগত খুন্দা মাৰে বাছখনে ।বাইক আৰোহীক বচাবলৈ গৈ বাছখনৰ চালকে সংঘটিত কৰে এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটী অভিমুখী মা আমিনা নামৰ বাছখনৰ নম্বৰ AS 01IC 9041।