নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি সম্পন্ন হ’ব ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া। বৰ্তমান লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত আছে এলিজাবেথৰ নশ্বৰ দেহ। ৱেষ্টমিনিষ্টাৰ এবেত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব ৰাণী এলিজাবেথৰ। ব্ৰিটেইনৰ ১২৫টা ছবিগৃহত প্ৰদৰ্শিত হ’ব ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়া। গীৰ্জা, পাৰ্কসমূহতো স্ক্ৰীণৰ জৰিয়তে প্ৰদৰ্শিত হ’ব অন্ত্যেষ্টিক্ৰিয়া।
আনহাতে, ৰাণী দ্বিতীয় এলিজাবেথক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ জো বাইডেনে তেওঁৰ পত্নী জিল বাইডেনৰ সৈতে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ হলত ব্ৰিটিছ পতাকাত মেৰিয়াই থোৱা ৰাণীৰ কফিনৰ সন্মুখত থিয় হৈ নিজৰ হৃদয়ত হাত ৰাখি সন্মান জনায়।