লিডুৰ মোলোং পাহাৰত ভয়ংকৰ ঘটনা,বিষাক্ত গেছ নিৰ্গমন হৈ ৩ জন শ্ৰমিকৰ মৃত্য

নিউজ ডেস্ক,১৯ চেপ্তেম্বৰঃ মাৰ্ঘেৰিটাৰ লিডুৰ মোলোং পাহাৰত ভয়ংকৰ ঘটনা। গেছ নিৰ্গত হৈ নিহত হৈছে ৩জন শ্ৰমিক। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে।নিহত হোৱা লোককেইজন বঙাইগাঁৱৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰাৰ বগুৱানৰ আছমত আলী।

এই ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ডিভিড নাগাৰ কয়লাখনিত এই দুৰ্ঘটনা সংঘটিত হয়। নিশা গোপনে মৃতদেহ পুতি থোৱাৰ অভিযোগ পৰিয়ালৰ। সমগ্ৰ ঘটনা কয়লা খনিৰ মালিকে গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ।

AssamDaily time axomDeathIndiaLedo