কুমাৰীকাটাৰ খৈৰাণীত বনৰীয়া হাতীৰ তাণ্ডৱ, কেইবাটাও বাসগৃহ লণ্ডভণ্ড

ভাৰত- ভূটান সীমান্তত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত হস্তী-মানৱৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। যোৱা নিশা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যলয় অধীনস্থ খৈৰাণীত জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে লাল বাহাদুৰ তিমচিনা আৰু কৃষ্ণ তিমচিনা নামৰ ব্যক্তি গৰাকীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ ভিতৰত থোৱা চাউল খাই বিস্তৰ ক্ষতি কৰে। উল্লেখ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে সন্ধিয়া হোৱা লগে লগে দৰঙা বনাঞ্চল পৰা ওলাই আহি জনাঞ্চললৈ প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে। কেইবামাহ ধৰি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ হাতীডুবা, শান্তিপুৰ, চেঁচাপানী, কাৰখেলা, খৈৰাণী, অভয়পুৰ, লগতে বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই আহিছে বন্যহস্তীৰ জাকে। এনেদৰে হাতীৰ তাণ্ডৱৰ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গঁঞা ৰাইজে। ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment