Daily Time Axom

তামুলপুৰত বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা অভিযান

0 28

দেশৰ যশস্বী প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্ম দিন পোন্ধৰ দিনীয়া কাৰ্য্যসূচীৰে ১৭ চেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ তাৰিখলৈ সেৱা পষেক হিচাবে পালন কৰিছে সমগ্ৰ দেশৰ বিজেপি কাৰ্যকৰ্তা সকলে ।
আজি তামুলপুৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদৰ নেতৃত্বত মণ্ডল সমূহত বিনামূলীয়া স্বাস্থ্য সেৱা অভিযান অনুষ্ঠিত কৰা হয়। তামুলপুৰ জিলাৰ অন্তৰ্গত চাৰিটাকৈ মণ্ডল ক্ৰমে গয়বাৰী, নাগ্ৰীজুলি, দৰঙ্গাজুলী আৰু শুক্লাই ছেৰফাং মণ্ডলত সংখ্যালঘূ মৰ্চাৰ উদ্যোগত উক্ত কাৰ্যসূচী ৰূপায়িত কৰা হয় । দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ জন্ম দিনৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা সংখ্যালঘূ মৰ্চাৰ স্বাস্থ্য সেৱা অভিযানৰ অংশ হিচাপে আজি প্ৰথম দিনত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ টিকাকৰণৰ লগত জড়িত চিকিৎসা কৰ্মী আৰু অন্যান্য চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয়। লগতে বিজেপি কৰ্মকৰ্তা সকলে ৰোগী সকলৰ লগত বাৰ্তালাপ কৰাৰ উপৰিও অৰ্ধ শতাধিক ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে। একেদৰে দৰঙ্গাজুলী আৰু শুক্লাই ছেৰফাং মণ্ডলত চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ৰোগী সমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । আনপিনে নাগ্ৰীজুলিত অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰত প্ৰায় শতাধিক লোকক কভিড টীকাকৰণ কৰা হয় । আজিৰ বিনামূলীয়া স্বাস্থ্য সেৱা অভিযানৰ কাৰ্যসূচীত তামুলপুৰ জিলা বিজেপি সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ এম চি এল এ তথা গয়বাৰী মণ্ডল বিজেপি সভাপতি হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদ, ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সদস্য ইকৰাম আলি, ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ উপসভাপতি কন্দৰ্প ডেকা, মণ্ডল সভাপতি চএচিং চৌধুৰীৰ লগতে ৰাজ্যিক, জিলা আৰু মণ্ডল পৰ্যায়ৰ বহুতো নেতা কৰ্মী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.