Daily Time Axom

মলদ্বাৰত আবদ্ধ হৈ আছিল ডিঅ’ড্ৰেণ্টৰ বটল

0 39

অস্ত্ৰোপচাৰৰ পৰা ৰক্ষা পৰিলেও যুৱকজনৰ অৱস্থা সংকটজনক…

২৭ বছৰীয়া এজন যুৱকৰ মলদ্বাৰত আবদ্ধ হৈ থকা ডিঅ’ড্ৰেণ্টৰ বটল, এক্স-ৰে কৰি হতভম্ব হৈ পৰে চিকিৎসক। এই অদ্ভুত ঘটনাটো সংঘটিত হৈছে বুঢ়ৱানত। বুঢ়াৱান চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে ইয়াৰ পূৰ্বে এনে কোনো ঘটনা প্ৰত্যক্ষ কৰা নাছিল। পেটৰ তলৰ অংশত তীব্ৰ বিষ হোৱাত যুৱকজনক বুঢ়াৱান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জনোৱা মতে, ডিঅ’ডৰেণ্টৰ বটলটো প্ৰায় তিনি সপ্তাহ ধৰি ৰোগীৰ নিতম্বৰ ভিতৰত আবদ্ধ হৈ আছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে ইয়াক আঁতৰাব পাৰিলে। অস্ত্ৰোপচাৰটো একেবাৰে সহজ নাছিল।

চিকিৎসকে এক্স-ৰে কৰি গম পালে যে বটলটো প্ৰায় সাড়ে সাত ইঞ্চিমান আবদ্ধ হৈ আছে ৰোগীৰ মলদ্বাৰৰ ওচৰত। যুৱকজনৰ লগত কথা পাতি তেওঁ গম পায় যে তেওঁ চিকিৎসালয়লৈ অহাৰ আগতে ২০ দিন এনে অৱস্থাত কটায়। অৱশেষত তেওঁ ততাতৈয়াকৈ হস্পিতাললৈ গ’ল। কিন্তু সেই বটলটো কেনেকৈ তেওঁৰ মলদ্বাৰত সোমাই গ’ল, হাজাৰ হাজাৰ প্ৰশ্ন কৰাৰ পিছতো যুৱকজনে নক’লে।

চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ এটা অংশ ভিডিঅ’ত বন্দী কৰে। তাতেই দেখা গ’ল পেটৰ পৰা বটলটো উলিওৱাৰ দৃশ্য।

যদিও অস্ত্ৰোপচাৰৰ দ্বাৰা বটলটো উলিয়াব পাৰি, তথাপিও ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। চিকিৎসকে জনোৱা মতে, তেওঁৰ খাদ্যনলী আৰু অন্ত্ৰ, দুয়োটা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। চিকিৎসকে কয় যে এই আঘাতৰ বাবে ভৱিষ্যতে আৰু বৃহৎ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক। ৭ দিন ধৰি তেওঁক চিকিৎসালয়ত পৰ্যবেক্ষণত ৰখা হৈছিল।

Leave A Reply

Your email address will not be published.