নিউজ ডেস্ক, ২০ আগষ্টঃ সমাগত দুৰ্গা পূজা ৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে পূজা সমিতিসমূহে ৷ ক’ভিডৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ গৈ আছে শাৰদীয় দুৰ্গা পূজা৷ দুৰ্গা পূজাক লৈ প্ৰশাসনৰ নিৰ্দেশনা ‘ সন্ধিয়াতে এৰিব লাগিব সাংস্কৃতিক অনুষ্ঠান৷’
১) প্ৰতিখন পূজা কমিটিয়ে স্থানীয় আৰক্ষীৰ পৰা ল’ব লাগিব অনুমতি।
২) ৰাস্তা বন্ধ কৰি পূজা মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰিব৷
৩) প্ৰতিখন পূজা কমিটিয়ে CCTV লগাব লাগিব৷
৪) নিজস্ব স্বেচ্ছাসেৱক থাকিব লাগিব৷ স্বেচ্ছাসেৱকসকলে বেজ পৰিধান কৰিব লাগিব৷
৫) পূজা মণ্ডপৰ ওচৰে-পাঁজৰে পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিব।
৬) অগ্নিনিৰ্বাপনৰ প্ৰাথমিক ব্যৱস্থা নিজে ল’বলৈ আহ্বান৷
৭) ডাষ্টবিন সঠিককৈ ব্যৱহাৰ কৰিব লাগিব।
৮) মণ্ডপৰ সমুখত সভাপতি আৰু সম্পাদকৰ নাম আৰু ফোন নম্বৰসম্বলিত বেনাৰ লগাই ৰাখিব।
৯) প্ৰদূষণমুক্ত সামগ্ৰীৰে নিৰ্মাণ কৰিব লাগিব মা দেৱীৰ মূৰ্তি৷
১০) সাংস্কৃতিক সন্ধিয়া মাজনিশালৈ নকৰিবলৈ আহ্বান। মাংগলিকভাৱে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ আহ্বান। ৯ বজাৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান শেষ কৰাৰ আহ্বান।
১১) বিদ্যুতৰ সংযোগৰ বাবে APDCL কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব