Daily Time Axom

ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন, জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বন কৰে ভিক্টৰক

32

নিউজ ডেস্ক, ২০ আগষ্টঃ অৱশেষত ভিক্টৰ দাসক নিলম্বন। পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ দাস। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক।

চৰকাৰী চাকৰি কৰাৰ উপৰিও ভিক্টৰ দাসে চলাইছিল ক’চিং চেণ্টাৰ। ২৬ হাজাৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ।

উল্লেখ্য যে আৰক্ষীয়ে ৭ দিনৰ জিম্মাত ৰাখি তদন্ত চলাইছিল ভিক্টৰ দাসৰ ওপৰত। মুকলি আকাশৰ তললৈ অহাৰ পাছত মঙলবাৰে শিক্ষকতাৰ চাকৰিৰ পৰা নিলম্বন কৰে ভিক্টৰক।

Comments are closed, but trackbacks and pingbacks are open.