নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ সপোন বাস্তৱায়িত কৰিলে এলভিছে। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ।
উল্লেখ্য যে, নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়া হিচাপে স্বিকৃতি লাভ কৰিছে এলভিছ আলী হাজৰিকাই। এই গৌৰৱ অৰ্জন কৰাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল এছিয়াল ৰীলে দলটো।
প্ৰায় ৭ দিন ধৰি কৰা অনুশীলনৰ পাছত ইতিহাস ৰচিলে এলভিছ আলী হাজৰিকাই।