বঙাইগাঁৱত কৰম উৎসৱৰ মাজত অঘটন, চিলিণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত এজন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ কৰম উৎসৱৰ মাজতেই অঘটন। গেছৰ চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত হৈছে এজন লোক ৷

নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ বীৰবল ৰায় বুলি জানিব পৰা গৈছে ৷

নিশা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত যুৱকজন।

প্ৰচণ্ড শব্দৰে গেছ বেলুন ফুলোৱাৰ বাবে ব্যৱহৃত চিলেণ্ডাৰৰ বিস্ফোৰণৰ ফলত বীৰঝৰা চাহ বাগিছাৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত আতংকৰ সৃষ্টি হয় ৷

AssamBongaigaoncylinder blastDaily time axomDeathIndia