নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱৰ দেহাৱসান। দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ানগৰাকীয়ে। ১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল এইমছত। ৫৮ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে বিগত ৪১ দিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছিল হাস্পতালত। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু কমেডিয়ানজনৰ।
AIIMSৰ তথ্য অনুসৰি, আজি পুৱা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। ৰাজু শ্ৰীবাস্তৱে বলিউডত ষ্টেণ্ডআপ কমেডীৰ কিং হিচাপে পৰিচিত হৈ পৰিছিল।