ফুটপাথত শুই থকা ৬ গৰাকীক মহটিয়ালে ট্ৰাকে, নিহত ৪ জন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ দিল্লীত নিশা শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ায় নিলে ফুটপাথত শুই থকা ৬ গৰাকী লোকক। ঘটনাত নিহত হৈছে ৪ জনকৈ লোক। আন দুজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক। দিল্লীৰ ডিটিচি ডিপোত সংঘটিত হৈছে এই ঘটনা।

ট্ৰাকৰ চেপাত নিহত লোক কেইজনক চালিমাৰ গাৰ্ডেনৰ নিৱাসী কৰিম (৫২), ছোটে খান (২৫), শ্বাহ আলম (৩৮), আৰু সীমাপুৰীৰ নিৱাসী ৰাহুল (৪৫) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত দুজনৰ পৰিচয় তুলসী নিকেতনৰ বাসিন্দা মণীষ (১৬) আৰু তাহিৰপুৰৰ প্ৰদীপ (৩০) বুলি জানিব পৰা গৈছে।

AccidentDaily time axomDeathIndiaInjuredNew Delhi