Daily Time Axom

বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

38

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখেৰ। উপ ৰাষ্ট্ৰপতিগৰাকীৰ আগমণক লৈ যানবাহন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেতবোৰ পথ নিৰ্দেশনা দিয়া হৈছে।

ইয়াৰপিছতেই উপ ৰাষ্ট্ৰপতি গৰাকীয়ে লোকমন্থনত অংশগ্ৰহণ কৰিব।বৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত পথ নিৰ্দেশনা দিয়া হৈছে।

২২ তাৰিখৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গুৱাহাটী চহৰৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকীয়া আৰু তাৰ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাহন চলোৱাত বাধা আৰোপ কৰা হ’ব। ডি.জি.ৰোড, এ.টি.ৰোড, এম.জি. ৰোড, কে.এল.বি. ৰোড, টাইবুল্লাহ ৰোড, জি.এন.বি. ৰোড, বি বৰুৱা ৰোড,জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডেৰে ২২ ছেপ্টেম্বৰ পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ সামগ্ৰী কঢ়িওৱা বাহন (সৰু/মধ্যমীয়া/ গধুৰ) চলোৱাত বাধা আৰোপ কৰা হ’ব। ইয়াৰ লগতে পথত ডাবল বা ট্ৰিপল পাৰ্কিং নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।

Comments are closed, but trackbacks and pingbacks are open.