Daily Time Axom

গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু

28

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ গুৱাহাটীৰ ৰিহেব চেণ্টাৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু।

খাৰঘূলীৰ ফেইথ ফাউণ্ডেচন ৰিহাব চেন্টাৰত সংঘটিত হৈছে এই ঘটনা । প্রায় ডেৰ মাহ ধৰি চেন্টাৰটোত আছিল মহিলাগৰাকী।

মৃত মহিলাগৰাকী পাঠশালাৰ বুলি জানিব পৰা গৈছে। মহিলা গৰাকীক হত্যাৰ সন্দেহ ড্রাগছ বিৰোধী-নিষিদ্ধকৰণ পৰিষদৰ।

অনুজ্ঞাপত্র নথকাকৈ কেন্দ্রটো চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্রটোৰ যুৱতী সকলকো শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে একাংশই। এই ঘটনাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Comments are closed, but trackbacks and pingbacks are open.