আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন নাটোৰ সামৰিক মিত্ৰজোঁটৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে কয় যে পাৰমাণৱিক আক্ৰমণ চলালে মস্কোৱে জয়ী হ’ব নোৱাৰে। কিন্তু এই যুদ্ধত কোন জয়ী হ’ব সেই কথা উল্লেখ কৰা নাই নাটোৰ মহাসচিবগৰাকীয়ে। ইউক্ৰেইনৰ পূব সীমান্তত ৰাছিয়াৰ সামৰিক সমাৱেশৰ কথা ঘোষণা কৰাৰ পিছতে ষ্টলটেনবাৰ্গে এই কথা কয়। বুধবাৰে তেওঁ ৰয়টাৰ্ছৰ সংবাদ সংস্থাৰ আগত এই কথা কয়। নাটোৰ মহাসচিবে কয়, এইবোৰ বিপজ্জনক আৰু অসাৱধান পাৰমাণৱিক বাক্যবাণ।
জেন্স ষ্ট’লটেনবাৰ্গে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক লক্ষ্য কৰি কয় যে তেওঁ ভালদৰে জানে যে কেতিয়াও পাৰমাণৱিক যুদ্ধ হ’ব নালাগে আৰু কোনেও জয়ী নহ’ব, বৰঞ্চ ৰাছিয়াৰ বাবে এক অভূতপূৰ্ব ফলাফলহে হ’ব।
ৰয়টাৰ্ছে নাটোৰ মহাসচিবক প্ৰশ্ন কৰে যে ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে নাটোৱে ইয়াৰ উত্তৰত কি কৰিব। ইয়াৰ উত্তৰত জেন্স ষ্টলটেনবাৰ্গে কয় যে পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সঁহাৰি দিয়া হ’ব, কিন্তু নাটোৱে মস্কোৰ সৈতে যোগাযোগ কৰি আছে যে এনে পাৰমাণৱিক যুদ্ধ নহ’ব আৰু ৰাছিয়াই ইয়াত জয়ী হ’ব নোৱাৰে।