২০ জন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু ১০ জন এনাস্থেটিষ্ট আছিল। প্ৰায় ১৮ ঘণ্টা ধৰি এই অস্ত্ৰোপচাৰ কৰা হয়। কেৰেলাৰ এখন চিকিৎসালয়ত হোৱা এক বিৰল অস্ত্ৰোপচাৰত আমৰেশ নামৰ এজন যুৱকে হাত ঘূৰাই পালে। এই ধৰণৰ অস্ত্ৰোপচাৰ ভাৰতত প্ৰথম আৰু বিশ্বৰ ভিতৰত তৃতীয়টো বুলি দাবী কৰিছে চিকিৎসকে।২০১৭ চনত বিদ্যুতৰ তাঁৰ মেৰামতি কৰি থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অমৰেশ। দুয়োখন হাত ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে চিকিৎসকে কঁকালৰ পৰা সোঁহাত আৰু কান্ধৰ পৰা বাওঁহাত কাটিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত তেওঁ হেণ্ড ট্ৰান্সপ্লাণ্টৰ বাবে আবেদন জনায়। কিন্তু উপযুক্ত দাতা বিচাৰি পোৱা নগ’ল।শেহতীয়াকৈ বিনোদ নামৰ এজন ৫৪ বছৰীয়া ব্যক্তিয়ে তিৰুৱানন্তপুৰমত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। মৃত লোকজনৰ অংগ দান কৰিবলৈ সন্মত হয় পৰিয়ালৰ লোকে। ইয়াৰ পিছতে অমৃতা হাস্পতালৰ চিকিৎসকে মৃতদেহৰ পৰা হাতখন লৈ অমৰেশৰ দেহত সংস্থাপনৰ সিদ্ধান্ত লয়।