ৰাস্তাত উলংগ হৈ খোজ কাঢ়ি ঘৰ পালেহি ১৫ বছৰীয়া ধৰ্ষিতা কিশোৰী



বিভিন্ন অপৰাধৰ দৈনন্দিন খবৰ সংবাদ মাধ্যমলৈ আহে। অপহৰণ, ধৰ্ষণ সমগ্ৰ বিশ্বতে দৈনন্দিন ঘটনা হৈ পৰিছে। এই সকলোবোৰ অপৰাধৰ ভিতৰত এনে কিছুমান গোচৰ আছে যিবোৰে সকলো স্তৰৰ বৰ্বৰতা অতিক্ৰম কৰে। এইবাৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ মোৰাদাবাদ অঞ্চলত এনে এক ঘটনা সংঘটিত হয়।

এগৰাকী কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত অভিযুক্তগৰাকীয়ে কাপোৰ লৈ পলায়ন কৰে। অৱশেষত আন কোনো উপায় বিচাৰি নোপোৱাত ভুক্তভোগী গৰাকীয়ে প্ৰায় দুই কিলোমিটাৰ পথত খোজ কাঢ়ি ঘৰলৈ উভতি আহে।

জানিব পৰা মতে, ৰাস্তাত উলংগ হৈ খোজ কাঢ়ি যোৱা অসহায় ছোৱালীজনীক সহায় কৰিবলৈ কোনেও আগবাঢ়ি নাহিল। সকলো আছিল নিৰৱ দৰ্শক। একাংশই আকৌ নিৰৱৰণ কিশোৰীৰ ভিডিঅ’টো লৈ নেটত বিয়পাই দিলে। এই ঘটনাৰ ভিডিঅ’ ইণ্টাৰনেটত বিয়পি পৰাৰ লগে লগে সমগ্ৰ ভাৰততে চাঞ্চল্যৰ সৃষ্টি হয়।
এনেবোৰ ঘটনা জনাৰ পিছত আপোনাৰ মনত এটা প্ৰশ্ন উত্থাপন হ’ব পাৰে- দিনক দিনে মানুহ ইমান বৰ্বৰ হৈ পৰিছে কিয়?

মোৰাদাবাদ আৰক্ষীৰ মতে, ১৫ বছৰীয়া কিশোৰীগৰাকী ওচৰৰ গাঁওখনৰ এখন মেলালৈ গৈছিল। তাত পাঁচজন যুৱকে তেওঁক অপহৰণ কৰে। তাৰ পিছত তাইক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই সময়ত ছোৱালীজনীৰ চিঞৰ-বাখৰ শুনি গাঁৱৰ এজন লোক লৰালৰিকৈ সেই স্থান পালেগৈ। তেতিয়ালৈকে অভিযুক্তই ছোৱালীজনীৰ কাপোৰ লৈ পলায়ন কৰে।

ছোৱালীজনীৰ ককাকে কয় যে, “ঘৰলৈ উভতি আহোঁতে তাইৰ প্ৰচুৰ তেজ ওলাই আছিল। ঘৰলৈ উভতি আহি আমাক সকলো কথা কয়।”

ছোৱালীজনীৰ পৰা গোটেই ঘটনাটো গম পাই ককাকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিলে। কিন্তু, তেওঁ অভিযোগ কৰে যে প্ৰথমে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ইয়াৰ পিছত তেওঁ জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে। এই ঘটনা সন্দৰ্ভত ৭ ছেপ্টেম্বৰত দাখিল কৰা হৈছিল এফআইআৰ।

ছোৱালীজনীৰ ককাকে অভিযোগ কৰে যে অভিযুক্তৰ পৰিয়ালৰ লোকে ছোৱালীজনীক হত্যা কৰাৰ ভাবুকি দিছে – এই কথাও এফআইআৰত উল্লেখ কৰা হৈছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক (গ্ৰাম্য) সন্দীপ কুমাৰ মীনাই কয়, ‘ভাৰতীয় দণ্ডবিধিৰ POCSO Act, 376D ৰ অধীনত FIR দাখিল কৰা হৈছে। ১৫ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল এজন অভিযুক্তক। বাকী অভিযুক্তক বিচাৰি উলিয়াবলৈ তালাচী আৰম্ভ কৰা হৈছে।”

Comments (0)
Add Comment