নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ১৫ অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন। ৰাজ্যৰ মুখ্যপ্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰে। পৰ্যটকৰ অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত ৩টা গঁড়ৰ প্ৰতিমূৰ্তি। ২০২১ৰ ২২ ছেপ্টেম্বৰত দাহন কৰা খৰ্গৰে নিৰ্মাণ কৰে গঁড়কেইটা। এসপ্তাহৰ ভিতৰত নিৰ্মাণকাৰ্য সমাপ্ত হ’ব বুলি প্ৰকাশ কৰে এম কে যাদৱে।
ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷
Comments are closed, but trackbacks and pingbacks are open.