নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান।পুৱা পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ বন্ধৰ আহ্বান আক্ৰাছুৰ।এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক সুনাধৰ ৰায়ে।
জনজাতিকৰণ, পৃথক কমতাপুৰৰ দাবীত এই বন্ধ ঘোষণা কৰা হৈছে।ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুয়ে।
অৱশ্যে বন্ধৰ পৰা পৰীক্ষা, জৰুৰীকালিন সেৱা ৰেহাই দিয়া বুলি বিবৃতিটোত উল্লেখ কৰিছে।
বিবৃতিটোত উল্লেখ কৰা মতে ২১ ছেপ্তেম্বৰৰ সন্ধিয়া অসম চৰকাৰে আলোচনাৰ বাবে ছয় জনগোষ্ঠীৰ নেতৃত্বক মাতি নি মুখ্যমন্ত্ৰী উপস্থিত নথকাৰ অজুহাত দেখুৱাই আলোচনাত বিধি পথালি দিয়ে। সেই বাবে সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।
Comments are closed, but trackbacks and pingbacks are open.