নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ অতি শীঘ্ৰে আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন অচিৰেই মুকলি হ’ব। এই কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত ১১ হাজাৰ ২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে, ২ লাখ যুৱক–যুৱতীক আত্মনিৰ্ভশীল কৰাৰ লক্ষ্য চৰকাৰৰ। অক্টোবৰৰ ৮ তাৰিখে এই বিষয়ত আলোচনা কৰা হ’ব।
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হিমালয়ো যদি সন্মুখত থিয় হয়, তথাপি আমি ১ লাখ নিযুক্তি দিবলৈ সাজু। অসমৰ অশ্বমেধ যাত্ৰা চলি থাকিব। অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব। পিতৃ–মাতৃৰ আশীৰ্বাদ অবিহনে কেতিয়াও আগুৱাই যাব নোৱাৰে। পিতৃ–মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰো। সেয়া সদায় মনত ৰাখিব লাগিব বুলিও ভাষণত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।