পুনৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়া

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ পুনৰ ঘোচ লৈ হাতে- লোটে ধৰা পৰিল নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জিত মহন্ত। নামজাৰিৰ বাবে ঘোচ বিচৰাৰ অভিযোগ মহন্তৰ বিৰুদ্ধে।

মাটি বাৰী চৰকাৰী কামৰ বাবে মহন্তই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল বিভিন্ন লোকক ৷মহন্ত দীৰ্ঘ দিন ধৰি চাৰিটাকৈ লাটৰ দায়িত্বত আছিল ৷

মাজ পাথৰি , নিজ পাথৰি , নাম পাথৰি আৰু মাহৰুল লাটৰ দায়িত্বত আছিল ৷ নগাঁও সদৰ ৰাজহ চক্ৰৰত কৰ্তব্যৰত আছিল মণ্ডল ৰঞ্জিত মহন্ত ৷

AssamDaily time axomIndiaNagaon