আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন কৰা হৈছে। নিযুক্তি পত্র গ্রহণ কৰিবলৈ গুৱাহাটীত ভিৰ প্রাৰ্থীসকলৰ। ২৪টা বিভাগত ১১,২৩৬ প্রাৰ্থীয়ে লাভ কৰিব।নিযুক্তি পত্র বিতৰণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে বৃহৎ নিযুক্তি সমাৰোহ।

গৃহ আৰু ৰাজনৈতিক বিভাগত ৫,৩৩৫গৰাকী প্ৰাৰ্থী, উচ্চ আৰু কাৰিকৰী শিক্ষাত ৯২৭গৰাকী প্ৰাৰ্থী, বিদ্যালয় শিক্ষাত ৩,৮১১গৰাকী প্ৰাৰ্থী, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত এগৰাকী প্ৰাৰ্থী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ২৯৯ গৰাকী, লোক নিৰ্মাণ বিভাগত ৩০৪গৰাকী, পৰ্যটন বিভাগত ৬ গৰাকী, জলসিঞ্চন বিভাগত ১৩৭গৰাকী।

পৰিৱেশ আৰু বন বিভাগত নিযুক্তি পাব ৩৩গৰাকীয়ে। পৰিবহণ বিভাগত ৩গৰাকীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। গৃহ আৰু নগৰ পৰিক্ৰমাত এগৰাকীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। মহিলা আৰু শিশু উন্নয়নত ৪গৰাকীয়ে পাব নিযুক্তি, জলসম্পদ বিভাগত নিযুক্তি পাব ৩গৰাকীয়ে, জনস্বাস্থ্য কাৰিকৰী বিভাগত ৪গৰাকীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩ গৰাকী, হস্ততাঁত আৰু বস্ত্ৰ শিল্পত ৬গৰাকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১গৰাকী, সমবায় বিভাগত দুগৰাকী, দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণত ২৪গৰাকী আৰু তথ্য আৰু জনসংযোগত নিযুক্তি লাভ কৰিব এজন প্ৰাৰ্থীয়ে।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia