নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ বৰমাত উদ্ধাৰ এটা হাতীৰ দাঁত । বৰমা আৰক্ষীৰ অভিযানত হাতীৰ দাঁতসহ তিনিজন সৰবৰাহকাৰীক আটক কৰা হয়।বৰমা আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১ফুট দৈৰ্ঘ্যৰ হাতীৰ দাঁত।বৰমাৰ কাঁচিয়লি ৰেষ্টুৰেণ্টৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই তিনিজন সৰবৰাহকাৰীসহ এটা হাতীৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ইতিমধ্যে তিনিজন সৰবৰাহকাৰী ক্ৰমে চিন্তু বড়ো, দ্বিজেন বড়ো,বণমালি স্বৰ্গিয়াৰীক আটক কৰিবলৈ সক্ষম হৈছে।বৰমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল এই অভিযান।