নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ পুনৰ NHPCত অঘটন। পাহাৰ খহি বন্ধ হ’ল ইনটেক টানেল। ৫ টা টানেলৰ ২ টা টানেল বন্ধ হৈ পৰাত ভয়ংকৰ প্ৰলয়ৰ আশংকা কৰা হৈছে ৷ টানেল দুটাৰ পানী সোৱণশিৰিৰে নামনি অংশলৈ ঢাল লোৱাৰ আশংকা ৷
ইয়াৰপিছতেই নামনিত প্ৰৱল বানৰ আশংকা কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে NHPCত এই অঘটন সংঘটিত হয় ৷