নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ, এল্ট’ আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষত এই দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহত ভেনৰ চালকক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হয়।
আল্ট্ৰা বাছখন তীব্ৰবেগত লক্ষীমপুৰৰ পৰা আহি থকা অৱস্থাত মাৰুতি ভেনখনত মুখামুখিকৈ খুন্দা মৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাগ্ৰস্ত মাৰুতি ভেনখনৰ নম্বৰ AS01 DY 8332, আল্ট্ৰা বাছখনৰ নম্বৰ AS12BC 2123 আৰু এল্ট’ গাড়ীখনৰ নম্বৰ AS12 L 6428।
Comments are closed, but trackbacks and pingbacks are open.