নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ ২০বছৰীয়া ক্ৰিকেট যাত্ৰাৰ সমাপ্তি৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ ৷ ঝুলন গোস্বামীয়ে শনিবাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল।
ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা ঝুলন গোস্বামী হৈছে মহিলা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত সৰ্বাধিক উইকেট দখলকাৰী ।
২০০২ চনৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় ক্ৰিকেট দলৰ হৈ আত্মপ্ৰকাশ কৰা ঝুলন গোস্বামীৰ কেৰিয়াৰৰ অন্তিমখন খেলো আছিল ইংলেণ্ডৰ বিৰুদ্ধেই । এই সুদীৰ্ঘ সময়ছোৱাত ভাৰতীয় দললৈ খেলুৱৈ গৰাকীৰ অৱদান অনন্য । ঝুলন গোস্বামীৰ সহযোগতেই ২০০৬-০৭ৰ টেষ্ট শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথম বাৰৰ বাবে হৰুৱাবলৈ সক্ষম হৈছিল ইংলেণ্ডক । এই শৃংখলাত নৈশ প্ৰহৰী ৰূপে কেৰিয়াৰৰ প্ৰথমখন টেষ্টতেই অৰ্ধ শতক কৰিছিল খেলুৱৈ গৰাকীয়ে ।
এই সফল কেৰিয়াৰৰ পৰিসমাপ্তি ঘটাই ১৫,১৮৭ গৰাকী দৰ্শকৰ সন্মুখত বিদায় মাগে ঝুলন গোস্বামীয়ে । ইয়াৰ উপৰিও, দুয়োটা দলেই গাৰ্ড অৱ অনাৰৰ জৰিয়তে খেলুৱৈ গৰাকীক প্ৰদৰ্শন কৰে সন্মান ।