চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু দুই কণমানি সন্তানসহ চিকিৎসকৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ মৃত্যু হৈছে।

নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী বুলি জানিব পৰা গৈছে। আনহাতে অগ্নিকাণ্ডৰ ফলত তেওঁৰ দুই সন্তান ক্ৰমে- সিদ্ধাৰ্থ ৰেড্ডী আৰু কাৰ্তিকাই প্ৰাণ হেৰুৱায়।

অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক গৰাকীৰপত্নী আৰু তেঁওৰ মাতৃ।

আৰক্ষীৰ প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Andhra PradeshDaily time axomDeathIndiaMassive fire