অৰুনাচল প্ৰদেশৰ টিপ্পীত ভয়ঙ্কৰ ভূমিস্খলন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অৰুণাচলৰ টিপ্পীৰ ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে আৰু অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি অৰুণাচলত হৈ আছে প্রৱল বৃষ্টিপাত। যাৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।

Arunachal PradeshDaily time axomIndiaLandslideNorthEast