নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ।
এই দুৰ্ঘটনাত ৭ গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ১০ জনকৈ লোক।
জানিব পৰা মতে, কুল্লুৰ বাঞ্জাৰ উপত্যকাৰ ঘিয়াগী অঞ্চলত নিশা প্ৰায় ৮:৩০ বজাত পৰ্যটক কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে।
স্থানীয় লোকে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে।
আহত সকলৰ ভিতৰত ৫ জন লোকক কুল্লুৰ জোনেল চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে প্ৰেৰণ কৰাৰ বিপৰীতে আন ৫ গৰাকীক বাঞ্জাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।
Comments are closed, but trackbacks and pingbacks are open.