নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ নগাঁও হৰিজন কলনীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে হৰিজন কলনীৰ ৰাজদ্বীপ দত্ত নামৰ ঔষধ ব্যৱসায়ীজনৰ পত্নী ৰুবী দত্ত(৩৮)ক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি ৰেপি অতি নৃশংসভাৱে হত্যা কৰে। তেজেৰে তুমৰলি অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
এই বিষয়ে লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।