নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ NDFB নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰী। আন চাৰিজনক দোষমুক্ত ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে। আন ১০জনৰ পূৰ্বৰ শাস্তি বাহাল ৰাখিলে ন্যায়ালয়ে।
দোষমুক্ত হোৱা কেইজনৰ নাম অনচাই বড়ো, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্ম। ৰঞ্জন দৈমাৰী, অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বচুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল।
Comments are closed, but trackbacks and pingbacks are open.