নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। দেশৰ আন ৰাজ্যৰ লগতে অসমতো চলিছে পিএফআইৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় তিনি PFI নেতা। বিলাসীপাৰাৰ নায়েৰ আলগা আৰু টিলাপাৰাৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃতকেইজন আব্দুল হামিদ, আব্দুছ ছালাম তালুকদাৰ আৰু লুৎফৰ ৰহমান।
তিনি PFI ৰ নেতাক আটক কৰাৰ পিছতেই সমগ্ৰ বিলাসীপাৰাত সৃষ্টি হৈছে চঞ্চল্যকৰ পৰিস্থিতি।আটকাধীন PFI নেতা তিনিজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে।