নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ৰঙিয়াৰ মিলন হোটেলৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ আশংকা।
যুৱকজনৰ এতিয়ালৈ কোনো ধৰণৰ পৰিচয় পোৱা নাই ৰঙিয়া আৰক্ষীয়ে। মৃতদেহটো বৰ্তমান ৰঙিয়া আৰক্ষীৰ যান-বাহন শাখাই আৰক্ষী থানাৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.