‘দাদা চাহেব ফাল্কে’ বঁটাৰ বাবে নিৰ্বাচিত বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ আশা পাৰেখলৈ ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান। ঘোষণা কৰা হ’ল এই বছৰৰ দাদা চাহেব ফাল্কে বঁটা। অহা ৩০ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব দাদা চাহেব ফাল্কে বঁটা। বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখ নিৰ্বাচিত হৈছে এই বটাঁৰ বাবে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে ঘোষণা কৰে যে বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়।

চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়। এইবাৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান য’ত সভাপতি দ্ৰৌপদী মুৰ্মুৱে অভিনেত্ৰী আশা পাৰেখক বঁটা প্ৰদান কৰিব।

Asha ParekhbollywoodDadasaheb Phalke AwardDaily time axomIndia